অসমনলবাৰী

সুৰাদীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ সুৰাদীত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত আজি আবেলি সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিবপৰা মতে, এখন ৰৈ থকা এক্সেভেটৰত এ এছ ১৪এইছ ২৬৬৭নম্বৰৰ তীব্ৰবেগী গ্লেমাৰ মটৰ চাইকেলখনে খুন্দা মাৰে। ফলত মটৰ চাইকেল আৰোহী ৰোহিজ আলী (২৫)ৰ থিতাতে মৃত্যু হয়। আনজন আৰোহী ৰুবুল আলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। নিহত ৰোহিজৰ ঘৰ নলবাৰী চহৰৰ মিলনপুৰত আৰু আহত ৰুবুলৰ ঘৰ নলবাৰীৰ বলাকুছিত বুলি জনা গৈছে।

Related Articles

Leave a Reply

Close