অসমশীৰ্ষ

হত্যাকাণ্ড লগত জড়িতক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত আৰক্ষী চকী ঘেৰাও ৰাইজৰ, দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰাইজৰ

প্ৰথম খবৰ,খুমটাইঃ গোলাঘাট জিলাৰ খুমটাইৰ ঢেকীয়াল আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি৷ যোৱা ১৬ ফেব্ৰুৱাৰীত খুমটাইৰ বেতিয়নী বাগানৰ বিমলা ৰবিদাস নামৰ এগৰাকী মহিলাক পৰিয়ালৰ চাৰিজন লোকে হত্যা কৰিছিল৷ উক্ত দিনা আৰক্ষীয়ে অভিযুক্ত হিতেশ্বৰ ৰবিদাসক গ্ৰেপ্তাৰ কৰে যদিও অভিযুক্ত খগেশ্বৰ ৰবিদাস, মোহন ৰবিদাস আৰু সুনীতা ৰবিদাসক বৰ্তমানলৈ গ্ৰেপ্তাৰ নকৰাত বুধবাৰে বিমলা ৰবিদাসৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ঢেকীয়াল আৰক্ষী চকী ঘেৰাও কৰি ঢেকীয়াল আৰক্ষী গ’ বেক, দোষীয়ে শাস্তি পাবই লাগিব আদি শ্ল’গানেৰে আৰক্ষী চকীৰ সন্মুখত  প্ৰতিবাদ কৰে৷

উল্লেখ্য যে, অভিযুক্ত কেইজনে আৰক্ষীক মেনেজ কৰাৰ অভিযোগ তুলিছে প্ৰতিবাদী  ৰাইজে৷ ৰাইজৰ দাৱী অতি শীঘ্ৰে যদি বিমলা ৰবিদাসৰ হত্যাৰ লগত জড়িত আটাইকেইগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে অনাগত দিনত পূৰ্বতকৈও জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close