অসম

ৰঙিয়াত বিজেপিৰ সাংগঠনিক সভা:বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা আগবঢ়াব 

প্ৰথম খবৰ,ৰঙিয়া: অসমত ভাৰতীয় জনতা পাৰ্টীৰ  আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল যুগুত কৰাৰ লক্ষ্যৰে ৰঙিয়াত শাষকীয় বিজেপি দলৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা এখন অনুষ্ঠিত হয়। দলটোৰ ৰঙিয়া ব্লক মণ্ডলৰ সভাপতি শিশিৰ ভাগৱতীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। পূৱ সীতাৰা দৌল মন্দিৰ প্ৰাংগনত অনুষ্ঠিত সভাত ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা উপস্থিত থাকে। তেওঁ সমাগত পঞ্চায়ত নিৰ্বাচনত দলীয় কৰ্মী সকলক ঐক্যবদ্ধ ভাবে অগ্ৰসৰ হবলৈ আহ্বান জনায়। ৰঙিয়াৰ গৌৰৱ তুলসীবাৰীস্থিত এপল মিল পুণৰুজ্জীবিত কৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপে দলটোক অধিক জনমুখী কৰি তোলাত সহায়ক হ’ব বুলিও ভাষণ প্ৰসংগত দোহাৰে কলিতাই। সভাৰ আৰম্ভণিতে আদৰণি  ভাষণত ভাগৱতীয়ে বুথ সমিতি সমূহৰ বিষয় ববীয়া সকলৰ লগতে ৰাজ্যিক নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰে। লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনি সমুহ জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি যাবলৈ বুথ সমিতিৰ বিষয়ববীয়া সকলক তেওঁ আহ্বান জনায়।

সভাত বিভিন্ন দলীয় কৰ্মী সকলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বিতং তথ্য সদৰি কৰি কয় যে,অসমত ভাৰতীয় জনতা পাৰ্টীৰ ৩০৩ টা মণ্ডল,৩৮ খন সাংগঠনিক জিলা,২৫,৮৪৯ টা বুথ আছে। ইয়াৰে বিটিএডি ৪ খন,কাৰ্বি-আংলঙৰ ২খন জিলা অন্তৰ্ভুক্ত। ডিমা হাছাও আৰু গোৱালপাৰা জিলাত এবছৰৰ পিছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি তেওঁলোকে কয়। দলীয় কৰ্মী সকলে বিচাৰিলে বহাগ বিহুৰ পিছতে বিজেপিয়ে নিজৰ হাতলৈ ৰাজ্যৰ সকলো পঞ্চায়ত নিজৰ দখললৈ নিব পাৰে বুলি তেওঁলোকে কয়। এই পঞ্চায়তীৰাজ চৰকাৰ গঠন কৰাৰ বাবে বিজেপিৰ হাতত এটা সোণালী সুযোগ আহি পৰিছে বুলি তেওঁলোকে ঘোষণা কৰে।

যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ফলাফল সিমান ভাল নাছিল বুলি উল্লেখ কৰি তেওঁলোকে কয় যে,এতিয়া বিজেপিৰ কেন্দ্ৰত চৰকাৰ,ৰাজ্যত বিজেপিৰ চৰকাৰ,সাংসদ,বিধায়ক পৌৰসভা,সৰ্বাধিক সদস্য বিজেপিৰ,গতিকে এটা সুন্দৰ অনুকুল সাংগঠনিক পৰিবেশ বিজেপিৰ সন্মুখত আহি  পৰিছে। এই অনুকূল সাংগঠনিক পৰিবেশটোক যাতে মাধ্যম হিচাপে লৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰঙিয়া বিধান সভা সমষ্টিৰ ১০ টা পঞ্চায়ত,২ টা জিলা পৰিষদ,দহটা সভাপতি, দহটা কাউঞ্চিলৰ,এশটা সদস্য,মুঠ ১২২ জনক বিজেপিৰ প্ৰতীক পদুম ফুলত ভোট দি সকলো বিৰোধী দলক ধৰাশায়ী কৰি বিকাশিত পঞ্চায়তীৰাজ ব্যৱস্থা আৰু  দুৰ্নীতিমুক্ত ভ্ৰষ্টাচাৰমুক্ত পঞ্চায়তৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ ভাবে বিজেপিয়ে প্ৰতিখন পঞ্চায়তত জয়ধ্বজ উৰুৱাব পাৰে তাৰ বাবে  দেহে কেহে লাগিবৰ বাবে বক্তা সকলে সকলো দলীয় কৰ্মীক আহ্বান জনায়। সভাত বিজেপিৰ ৰঙিয়া ব্লক মণ্ডল আৰু নগৰ মণ্ডলৰ কেবাগৰাকী নেতাৰ লগতে  কেবাশতাধিক দলীয় কৰ্মী উপস্থিত থাকে।

Related Articles

Leave a Reply

Close