অসম

বৰপেটাত কেকোঁ সাপ উদ্ধাৰ

বৰপেটাৰপৰা ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ:ক্ৰমাৎ যেন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বৰপেটা চহৰ। আজি আবেলি ২.৩০ বজাত বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় কলিতা তথা সঞ্জীৱ কুমাৰ ৰায়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি কেকোঁ সাপ সহিতে তিনিজন অপৰাধীক আটক কৰিব সক্ষম হয়। অপৰাধীৰ কবলৰ পৰা জীৱিত অৱস্থাত পাঁচটা কেকোঁ সাপ তথা এখন হুণ্ডাই ইয়ন গাড়ী আৰক্ষীয়ে জব্ধ কৰে। গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হ’ল AS 01DE1619 আৰক্ষীয়ে এতিয়ালৈকে গাড়ীৰ গৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই। অপৰাধী তিনিজনৰ এজনৰ নাম যোগেশ্বৰ দাস বুলি জানিব পৰা গৈছে বাকী দুজনৰ নাম জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close