আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ধৰাৰ বাবে এঘণ্টা, বিশ্বজুৰি ধৰিত্ৰী ঘণ্টা

মহানন্দ শৰ্মা: এঘণ্টাৰ বাবে অন্ধকাৰ হ’ব পৃথিৱী৷ আজি নিশা ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ এঘণ্টা ধৰি অন্ধকাৰত ডুব যাব ধৰিত্ৰী৷ দেশে দেশে ছুইচ অফ্ হ’ব বিজুলী চাকি৷ কাৰণ আজি সেই বিশেষ সময়খিনিত বিশ্বই পালন কৰিব ধৰিত্ৰী ঘণ্টা৷ উল্লেখ্য যে বিশ্বৰ ১৭৮খন দেখে ধৰিত্ৰী ঘণ্টা পালন কৰিব৷ অষ্ট্ৰেলিয়াৰ ছিডনী হাৰ্বাৰ ব্ৰীজৰপৰা আমেৰিকাৰ গ’ল্ডেন গেট ব্ৰীজ অথবা টৰণ্ট’ৰ চিএন টাৱাৰতো এঘণ্টাৰ বাবে ছুইচ অফ হ’ব বিজুলী চাকি৷ এখনৰ পিছত এখনকৈ দেশ এঘণ্টাৰ বাবে ডুব যাব অন্ধকাৰত৷

বিশ্বজুৰি চলি আছে কানেক্ট টু আৰ্থ অভিযান৷ পৃথিৱী আৰু প্ৰকৃতিক ৰক্ষাৰ বাবে এই অভিযানত নামি পৰিছে বিশ্বৰ বিভিন্ন দেশ৷ জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতাৰপৰা পৰিত্ৰাণ পোৱাৰ বাবে এই প্ৰয়াস চলিছে দেশে দেশে৷

২০০৭ চনৰ ৩১ মাৰ্চত পোন প্ৰথমবাৰৰ বাবে ছিডনীত পালন কৰা হৈছিল ধৰিত্ৰী ঘণ্টা৷ ৱৰ্ল্ড ৱাইড ফাণ্ড, চমুকৈ ডব্লিউ ডব্লিউ এফৰ উদ্যোগত এই অভিযান আৰম্ভ হৈছিল৷ বিগত দহটা বছৰে বিশ্বৰ প্ৰায় প্ৰতিখন দেশে আদৰি লৈছে এই অভিযানক৷ ৰাষ্ট্ৰসংঘৰ ফালৰপৰাও ধৰিত্ৰী ঘণ্টা পালনৰ আহ্বান জনোৱা হৈছে৷ আনহাতে, এই বিশেষ অভিযানৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী হৰ্ষ বৰ্ধনেও৷

Related Articles

Leave a Reply

Close