অসম

অনুসূচিত জাতি আৰু জনজাতিৰ সুৰক্ষা আইনক ৰক্ষণাবেক্ষণ দিব নোৱাৰাৰ প্ৰতিবাদত জিলা কংগ্ৰেছৰ অনশন

প্ৰথম খবৰ, শিৱসাগৰ: পৰিবৰ্তনৰ শ্লগানেৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে বাংলাদেশী হিন্দুক ৰক্ষণাবেক্ষণ দিবলৈ নানান পৰিকল্পনা প্ৰস্তুত কৰি থকাৰ সময়তে স্বদেশৰ অনুসূচিত জাতি আৰু জনজাতিক সুৰক্ষা প্ৰদান কৰা আইন খনৰ ক্ষেত্ৰতে ব্যৰ্থ হোৱাৰ লগতে চলিত বৰ্ষৰ ২ এপ্ৰিলত বিজেপি শাসিত ৰাজ্য সমূহত দলিত সকলৰ ওপৰত চলোৱা নাৰকীয় অত্যাচাৰৰ প্ৰতিবাদত শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত সোমবাৰে ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত কাৰ্যসূচীত শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোহাঁই, জিলা মহীলা কংগ্ৰেছৰ সভানেত্ৰী নন্দেশ্বৰী বুঢ়াগোহাঁই, জিলা পৰিষদৰ সভানেত্ৰী সান্তনা বৰগোহাঁইক, উপ সভাপতি গজেন ৰাজকোঁৱৰ, জিলা কংগ্ৰেছৰ সম্পাদক মামুদ আহমেদকে ধৰি বহু কেইজন মুক্তিযুদ্ধাৰ লগতে জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ আৰু বহু কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে‌।

অনশনস্থলিত জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোহাঁই বিজিপি চৰকাৰে ক্ষমতা দখলৰ প্ৰাকমুহুত্বত দেশৰ সৰ্বসাধাৰণ জনসাধৰণক পৰিবৰ্তনৰ প্ৰলোভন দেখুৱাইছিল। সম্প্ৰতি বিজেপি চৰকাৰখনে দেশৰ সৰ্বসাধাৰণ জনসাধাৰণৰ পৰিবৰ্তনৰ বিপৰিতে তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকৰ ওপৰত অমানৱীয় অত্যাচাৰৰ ওপৰতহে নামি পৰিছে বুলি ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰক ক্ষমতাচুত্য কৰিবলৈ অসমৰ জনসাধাৰনক আহ্বান জনাইছে অনশনস্থলিৰ পৰা।

Related Articles

Leave a Reply

Close