অসম

আন্ধেৰীঘাটত বজ্ৰপাতত গুৰুতৰভাৱে আহত এজন

আন্ধেৰীঘাটৰপৰা হলধৰ চহৰীয়া, প্ৰথম খবৰ: দৰং জিলাৰ পশ্চিম প্ৰান্তত বৃহস্পতিবাৰে আবেলি ৪.৩০ মান বজাত অহা এজাক প্ৰচণ্ড ধুমুহাই জোকাৰি গ’ল সমগ্র অঞ্চল।

ধুমুহাৰ সতে অহা বজ্ৰপাতত গুৰুতৰভাৱে আহত হয় এজন। বামুনঝাৰ নিবাসী প্ৰসন্ন ৰাজবংশীয়ে অইন দিনাৰ দৰে বৃহস্পতিবাৰেও তামোল বিক্ৰি কৰিব আনিছিল আন্ধেৰীঘাটলৈ।কিন্তু দোকান নৌ পাওতেই বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত হয় ব্যক্তিগৰাকী। লগে লগে ৰাইজে ব্যক্তি গৰাকীক মেডিকেললৈ পঠিয়াই দিয়ে।বৰ্তমান সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে ব্যক্তিগৰাকী।

Related Articles

Leave a Reply

Close