অসম

ওদালগুৰিৰ ভূটান সীমান্তত মেঠোনৰ সন্ত্ৰাস, আহত গাঁওবাসী

ডিমাকুছিৰপৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: ওদালগুৰি জিলাৰ ভাৰত-ভুটান সীমান্তৰ ৰজাগড়ত শুকুৰবাৰে পুৱাৰ ভাগত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা এটি মেঠোনে গাঁওবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰে৷ মেঠোনৰ আক্ৰমনত গাঁওখনৰ ৪ জনকৈ লোক গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে, বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত নামনিলৈ নামি অহা মেঠোনটোৰ আক্ৰমনত গাঁওখনৰ হেমলতা শইকীয়া, ভৰত ৰাজবংশী, তৰেশ্বৰ ডেকা আৰু জয়ন্ত ডেকা আহত হয়৷ ইয়াৰে ৩ জনক সমীপৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ভৰত ৰাজবংশীক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰা হয়৷

বৰ্তমান ভৰত ৰাজবংশীৰ অৱস্থা সংকটজনক বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ। আনহাতে বনৰীয়া মেঠোনে এতিয়াও গাঁওখনত মুকলিকৈ বিচৰণ কৰি থকাত অধিক দুৰ্ঘটনাৰ আশংকাত সমগ্ৰ অঞ্চলবাসী আতংকিত হৈ পৰিছে৷ বৰনদী অভয়াৰণ্যৰ বনকৰ্মীয়ে মেঠোনক খেদি পঠোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত সফল হোৱা নাই৷

Related Articles

Leave a Reply

Close