অসম

ওৰাঙত ৪০ সংখ্যক ৰঙালী বিহু সমাৰোহৰ ব্যাপক অায়োজন

ওৰাংৰপৰা গোপাল নাথ, প্ৰথম খবৰ: ওদালগুৰি জিলাৰ পূৱ প্ৰান্তত অৱস্থিত গ্ৰাম্য নগৰী ওৰাংবাসী ৰাইজে অহা ১৪, ১৫ অাৰু ১৬ ব’হাগত (ইং-২৮, ২৯, ৩০ এপ্ৰিল) উলহ মালহেৰে ৪০সংখ্যক ৰঙালী বিহু সমাৰোহ উদযাপন কৰাৰ অায়োজন কৰিছে।

ৰঙালী বিহু উদযাপনৰ ১৪ ব’হাগত মুকলি বিহু দ্বাৰা উন্মোচন কৰিব ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অৱসৰি শিক্ষক কৃষ্ণ কান্ত বড়াই। বিহু সমাৰোহৰ দিন কেইটাত মুকলি বিহু প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, ৰচনা অাদি প্ৰতিযোগিতাৰ অাৰু স্থানীয় শিল্পীয়ে গীত পৰিবেশন কৰাৰ লগতে লগতে ১৬ বহাগত অামন্ত্ৰীত শিল্পীৰ দ্বাৰা গীতৰ শৰাই অাগবঢ়োৱা হ’ব বুলি উদ্দ্যোগতা সকলে জানিব দিয়ে।

Related Articles

Leave a Reply

Close