অসমশীৰ্ষ

কাজিৰঙাত আজিৰে পৰা আৰম্ভ ২৮ সংখ্যক কঁহৰা বসন্ত উৎসৱ 

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ ২৮ এপ্ৰিল:

কাজিৰঙাত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে ২৮ সংখ্যক কহঁৰা বসন্ত উৎসৱ ৷

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা এই বসন্ত উৎসৱৰ প্ৰথম দিনা পুৱাই পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতে এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷

কহঁৰা বিহুতলীৰ পৰা বাহিৰ কৰা শোভাযাত্ৰাটি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বগৰীজুৰিৰ পৰা পুনৰ বিহুতলীলৈ প্ৰায় ৩ কি মি পথ অতিক্ৰম কৰা শোভাযাত্ৰাটিত বিহুৰ লগতে গায়ন-বায়ন, মিচিং বিহু, ঝুমইৰ, জেং বিহু, কাৰ্বি নৃত্য দল, টাই আহোম, চাওঁৰা নৃত্য দল, বেংগলী উন্নয়ণ সমাজ, কহঁৰাৰ স্থানীয় বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷

বসন্ত উৎসৱৰ শেষৰ দিনা অৰ্থাৎ ২৯ এপ্ৰিল তাৰিখে সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কন্ঠ শিল্পী দীক্ষুৱে গীত পৰিবেশন কৰিব ৷

Related Articles

Leave a Reply

Close