অসম

কাৰ্বি পাহাৰত এয়াৰচেলে কন্দুৱাইছে সৰ্বসাধাৰণক, যোগাযোগ ব্যাহত

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: কাৰ্বি পাহাৰত এয়াৰচেলে কন্দুৱাইছে সৰ্বসাধাৰণক, যোগাযোগ ব্যাহত: বিকল্প বিচাৰি হাহাকাৰ পাহাৰবাসীৰ। আকস্মিক বিপদৰ কথা ভাবি শংকিত হৈ পৰিছে এতিয়া বৃহত্তৰ জেৰিকিণ্ডিং, মাকৈলুম, উমখ্ৰীমি, খাটখাচলা, আমৰেং, লাংঠাত, লাংমেপি আদি অঞ্চলৰ সৰ্বসাধৰণে। কাৰণ উল্লেখিত অঞ্চলসমূহৰ ৰাইজে অন্য প্ৰান্তৰ কোনো ব্যক্তিৰ সৈতে যোগাযোগ স্থাপনৰ মাধ্যম হিচাপে বৃহত্তৰ এলেকাত একচেতিয়াভাৱে সেৱা আগবঢ়াই আছিল এয়াৰচেলে।

বিশেষকৈ কোনো এটা কোম্পানীৰ সেৱা উপলব্ধ নোহোৱা উল্লেখিত দূৰ্গম অঞ্চলবোৰত কেৱল এয়াৰচেলেই আছিল যোগাযোগৰ বাবে ৰাইজৰ একমাত্ৰ ভৰসাৰ মাধ্যম। কিন্তু কি হ’ব, ২১ ফ্ৰেব্ৰুৱাৰীত হঠাতে এয়াৰচেলে ভাৰতবৰ্ষত সেৱা বন্ধ কৰি দিয়াত সামগ্ৰিকভাৱে গ্ৰাহকৰ লগতে বিতৰ্কৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে। আকস্মিক বিপদৰ সময়ত জৰুৰীকালীন সেৱাসমূহৰ বাবে উক্ত উল্লেখিত অঞ্চলৰ ৰাইজে এয়াৰচেল সেৱাৰ যোগেদি ফোনেৰে তাৎক্ষণিকভাৱে খৱৰ আদি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল যদিও উত্তৰ-পূৰ্বাঞ্চলত হঠাতে এয়াৰচেল সেৱা বন্ধ হৈ পৰাত পাহাৰবাসীৰ মূৰত এতিয়া স্বৰগ পৰা অৱস্থা যেন হৈ পৰিছে। সৰ্বত্ৰে অৱহেলিত পাহাৰবাসী। ‘চবকে সাথ চবকা বিকাশ’ ধ্বনিৰে তালফাল লগোৱা চৰকাৰখনেও কোনো প্ৰভাৱ পেলাব পৰা নাই দূৰ্গম অঞ্চলবোৰত। ফোন আদিৰ ব্যৱস্থা বা সমস্যাটো বাদেই অন্যান্য সমস্যাৰ পৰাও আজিকোপতি হাত সাৰিব পৰা নাই অঞ্চলবাসীয়ে, এক কথাত ক’বলৈ গলে সৰ্বদিশতে পিছপৰি ৰৈছে পাহাৰবাসীয়ে। যাৰ পৰিপ্ৰেক্ষিতত একাংশ ক্ষোভিত জনতাই “ডিজিটেল ইণ্ডিয়াত নহয়, সমস্যাৰে পৰিপূর্ণ অঞ্চলতহে জৰ্জৰিত হৈ জীয়াই আছে পাহাৰবাসীয়ে” বুলি ক্ষোভেৰে মন্তব্য প্ৰকাশ কৰিছে।

আনহাতে, আগন্তুক দিনত বৃহত্তৰ অঞ্চলবাসী ৰাইজে আকস্মিক বিপদৰ পৰা ৰক্ষা পাবৰ বাবে বা দৈনন্দিক জীৱন সুচাৰুৰূপে চলায় নিবৰ বাবে উত্তৰ পূৰ্বাঞ্চলত থকা টেলিকম কোম্পানীসমূহক উক্ত জ্বলন্ত সমস্যা দূৰ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ অথবা ৰাইজক সকাহ দিয়াৰ বাট মুকলি কৰি দিবলৈ সংবাদ মাধ্যমযোগে কাতৰ অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close