অসম

খুমটাইত আৰক্ষীৰ দ্বাৰা চুলাই মদৰ ফেক্টৰী উচ্ছেদ

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ খুমটাই অঞ্চলত থকা দুটা বৃহৎ চুলাই মদ প্ৰস্তুত কৰা ফেক্টৰী বৃহস্পতিবাৰে পুৱা খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিলন খাটনিয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে অতৰ্কিতে অভিযান চলাই মদ প্ৰস্তুত কৰা সামগ্ৰীসমূহ ভাঙি চুৰমাৰ কৰে।

অৱশ্যে অঞ্চলটোত আৰক্ষীৰ উপস্থিতি উমান পায় মদ ব্যৱসায় সকল পলাই সাৰে। খুমটাই আৰক্ষী চকীৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, অনাগত দিনটো খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চল সমূহত অবৈধ মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থাকিব।

উল্লেখ যে, আৱকাৰী বিভাগৰ চুড়ান্ত নিস্ত্ৰিয়তাৰ ফলত বৃহত্তৰ খুমটাই অঞ্চলত ভালেসংখ্যক সৰু ডাঙৰ মদৰ ঘাটিয়ে পৰিবেশ বিনষ্ট কৰি আহিছে। খুমটাই আৰক্ষী চকীৰ এনে পদক্ষেপক সচেতন ৰাইজে প্ৰসংশা কৰিছে।

Related Articles

Leave a Reply

Close