অসম

ডংকামোকাম আৰক্ষীৰ জালত পৰিল অস্ৰ শস্ৰ সহ ইউ পি এল এ’ৰ চাৰি দুধৰ্ষ সদস্য

বৈঠালাংছ’ৰ পৰা  ৰেকিবুৰ ৰহমান , প্ৰথম খবৰ :-  পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য।ডংকামোকাম আৰক্ষীৰ জালত পৰিল অস্ৰ শস্ৰ সহ ইউ পি এল এ’ৰ চাৰি দুধৰ্ষ সদস্য।ধৃত সদস্য কেইজন ৰাজীব ইংতি,জয়ছিং তেৰণ,এডোৱাৰ্ড তেৰাং,বাবু তেৰণ।বিগত কেইবা মাহ ধৰি ব্যাপক ধন দাবী,অপহৰণ,গুলীচালনা আদিৰে জিলাখনত ত্ৰাস সৃস্টি কৰি আহিছিল ধৃত সদস্য কেইজনে।কিছুদিন পূৰ্বে দাবী কৰা ধন নিদিয়াত অগ্নি সংযোগ কৰি জ্বলাই দিছিল এখন বৃহৎ ৰবৰ বাগান।ডংকামোকাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ বসুমতাৰীৰ নেতৃত্বত আৰক্ষী,চি আৰ পি এফ’ৰ ই/২০ বেটেলিয়ন আৰু সেনাৰ গোৰ্খা ৰেজিমেন্টে প্ৰায় দহদিন ধৰি অভিযান চলাই যোৱা নিশা বৈঠালাংছ আৰক্ষী থানাৰ অন্তৰ্গত উমৰো গাঁও আৰু চেকছ্ পাহাৰৰ পৰা চাৰিওকে কৰায়ত্ত কৰে।তেওলোকৰ পৰা এটা .২২পিষ্টল,দুটা ৯এম এম পিষ্টল,এটা .৩২ পিষ্টল,৯ ৰাউন্ড গুলী,ধনদাবী পত্ৰ আদি জব্দ কৰে।

Related Articles

Leave a Reply

Close