অসমশীৰ্ষ

ধেমাজিত চুতীয়া ছাত্ৰ সন্থাৰ আমৰন অনশন স্থগিত

 

প্ৰথম খবৰ, চিচিবৰ গাওঁ, 20 এপ্ৰিলঃ  ধেমাজি জিলাৰ চিচিবৰ গাঁৱত যোৱা 19 এপ্ৰিল ৰ পৰা চুতীয়া জাতি ছাত্ৰ সন্থা এ আৰম্ভ কৰা আমৰণ অনশন সাময়িক ভাৱে বন্ধ ৰখা বুলি ধেমাজি জিলা সমিতিৰ সভাপতি ৰঞ্জিত বৰুৱা আৰু সাধাৰণ সম্পাদক তিম চুতীয়া এ জানিবলৈ দিছে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰু ধেমাজি ক সংযোগ কৰি নিৰ্মান কৰি থকা ব্ৰহ্মপুত্ৰ ৰ ওপৰৰ চতুৰ্থ খন দলঙ সতী সাধনী সেতু নামেৰে নামাকৰণ আৰু সাত বহাগ তাৰিখ টো চৰকাৰী বন্ধ ঘোষণাৰ দাবীত সদৌ চুতীয়া জাতি ছাত্ৰ সন্থা এ সমগ্ৰ ৰাজ্যৰ সমান্তলাল কে চিচি বৰ গাওঁ টো এই কায্য সূচী গ্ৰহণ কৰিছিল । অন্য হাতে বিষয় ববীয়া এ জানিবলৈ দিয়া অনুসৰি চিচি বৰ গাওঁ ত 21 এপ্ৰিল তাৰিখে অনুষ্ঠিত হব লগা কেন্দ্ৰীয় সাধনী দিৱস ৰ প্ৰতি সন্মান জনাই আৰু কেন্দ্ৰিয় সমিতিৰ সৈতে চৰকাৰ ৰ প্ৰতিনিধি এ বিষয় টো আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ বাবে এই কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰাখিছে বুলি এক প্ৰেছ বিবৃত্তি যোগে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close