শীৰ্ষৰাষ্ট্ৰীয়

পত্নী আৰু দুই সন্তানৰ সৈতে ইডেনগাৰ্ডেনত একেলগে শ্বাহৰুখ খান

নেচনেল ডেস্ক, প্ৰথম খবৰঃ কলিকতাৰ ইডেন গাৰ্ডেনত দেওবাৰে অনুষ্ঠিত হোৱা কলকাতা নাইট ৰাইডাৰ্ছৰ ২০১৮ বৰ্ষৰ প্ৰথমখন আই পি এলত পত্নী গৌৰী খান আৰু দুই সন্তান ক্ৰমে সুহানা খান আৰু অৱৰাম খানৰ সৈতে একেলগে উপস্থিত থাকি খেল উপভোগ কৰে কে কে আৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানে৷

উল্লেখ্য যে, দেওবাৰৰ খেলত কে কে আৰ দলৰ অপেনাৰ সুনীল নাৰীনে ১৯ বলত চাৰিটা বাউণ্ডেৰী আৰু পাঁচটা চিক্সেৰে বিস্ফোৰক ৫০ ৰাণ সংগ্ৰহ কৰাত আৰু নীতিশ ৰাণা আৰু অধিনায়ক দিনেশ কাৰ্তিকৰ নিৰ্ভৰযোগ্য সহযোগী বেটীঙত কলকাতা নাইট ৰাইডাৰ্ছে ২০১৮ বৰ্ষৰ প্ৰথমখন আই পি এলত ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালুৰুক ৪ উইকেটত পৰাজয় কৰিবলৈ সক্ষম হয়৷

এই খেলত পত্নী আৰু সন্তানৰ সৈতে উপস্থিত থাকি নিজৰ দলটোৱে বিজয় সাব্যস্ত কৰাত আনন্দত আত্মহাৰা হৈ পৰা দেখা যায় শ্বাহৰুখ খান পৰিয়ালক৷ ইয়াত শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানৰ প্ৰিয় বান্ধৱী শনায়া কাপুৰ আৰু তেখেতৰ মাক-দেউতা ক্ৰমে অভীনেতা সঞ্জয় কাপুৰ আৰু মহীপ কাপুৰকো উপস্থিত থকা দেখিবলৈ পোৱা যায়৷

Related Articles

Leave a Reply

Close