অসম

পথ নিৰ্মাণকাৰী ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ, ৰাইজে আৱদ্ধ কৰিলে ডাম্পাৰ

প্ৰথম খবৰ, ডিমাকুছি: ওদালগুৰি জিলাৰ-তামুলপুৰ পথ নিৰ্মাণ বৰ্তমান পুৰ্নগতিত চলি আহিছে কিন্তু এই পথ নিৰ্মাণকাৰী ঠিকাদাৰে পথ নিৰ্মাণৰ বাবে পথত পানী নিদিয়াৰ বাবে অঞ্চলটোৰ জনসাধৰণে জ্বলাকলা খাই আহিছে৷

সাধাৰণতে পথ নিৰ্মাণৰ লগে লগে ঠিকাদাৰে পথত পানী দিব লাগে আৰু অঞ্চলবাসীক ধূলিৰ পৰা মুক্ত ৰাখিব লাগে কিন্তু ঠিকাদাৰৰ মইমতালিৰে পথত পানী নিদিয়াকৈ পথ নিৰ্মাণ কাৰ্য চলাই আছে৷ বৰ্তমান পথত ধূলিময় পৰিবেশে অঞ্চলবাসীৰ লগতে ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰী হাহাকাৰ কৰিবলগীয়া হৈছে৷ কাৰণ ধূলিময় পথত ঠিকাদাৰৰ শ শ ডাম্পাৰ ট্টাক অহাযোৱা কৰে৷

বিভিন্ন দল-সংগঠনে একাধিকবাৰ ঠিকাদাৰৰ তলতীয়া কৰ্মচাৰীক পথত পানী দিবলৈ অনুৰোধ জনাই আহিছে কিন্তু একো ফল নাপালে ৰাইজে৷ অৱশেষত বৃহস্পতিবাৰে ঠিকাদাৰৰ বিৰুদ্ধে ডিমাকুছি শুক্লাইৰ ৰাইজৰ ক্ষোভৰ উদগীৰন হয় আৰু পথত পানী দিয়াৰ দাবীত ঠিকাদাৰৰ কিছু ডাম্পাৰ আৱদ্ধ কৰি ৰাখে।

Related Articles

Leave a Reply

Close