অসমকোকৰাঝাৰ

ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তী সমাৰোহ

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, প্ৰথম খবৰ: বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি উন্নয়নৰ সমান্তৰালকৈ ৰাইজে নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ল’ৰা-ছোৱালীক মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব৷ বি টি চিত বসবাস কৰা প্ৰতিগৰাকী অভিভাৱকে এই চেষ্টাত ব্ৰতী নহ’লে সঁচা অৰ্থত কোনো কৃষ্টি, ভাষা আৰু সংস্কৃতি জীৱাই নাথাকে৷।এই ভাষ্য বি টি চিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীৰ৷

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ মুকলি সভা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰখা বক্তব্যত তেখেতে কয়, প্ৰতিটো জাতি-জনগোষ্ঠীৰ জাতীয় ঐতিহ্য, কৃষ্টি-সংস্কৃতি, পৰম্পৰাক জীয়াই ৰাখিবলৈ নিজৰ-নিজৰ ল’ৰা-ছোৱালীক কেবল উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাই নহয় প্ৰতিগৰাকীক একোজনকৈ  উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিব নোৱাৰিলে ভৱিষ্যতে কোনো কিছুৱে সুৰক্ষিত হৈ নাথাকে৷

স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সভাপতিত্ব কৰা আৰু বিহু উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱ কুমাৰ মেধিয়ে আদৰণী ভাষণ প্ৰদান কৰা মুকলি সভাখন উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে৷ উদ্বোধণী ভাষণত তেখেতে সমন্বয়ৰ বতৰা কঢ়িয়াই অনা ফকিৰাগ্ৰাম ৰঙালী বিহুৰ গৌৰৱজ্জ্বল ইতিহাসৰ সাক্ষী হিচাপে এটি বিহু নৃত্যও প্ৰদৰ্শন কৰে৷

মুকলি সভাত আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে বিহুক আশা, প্ৰেৰণা, জীৱনী শক্তি বুলি আখ্যায়িত কৰি বিহুক যাতে অপসংস্কৃতিয়ে গ্ৰাস কৰিব নোৱাৰে, বিহুক যাতে বিহু হিচাপেই উদ্‌যাপিত হয় তাৰ প্ৰতি আহ্বান জনায়৷ তেখতে কয়, সংস্কৃতিয়ে সমাজ গঢ়ে আৰু ৰাজনীতিয়ে সমাজে ভাঙে৷ মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা ৰখা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা “পেপা” নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সভাপতি তথা ফকিৰাগ্ৰাম যোগানন্দগিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৰেশ চন্দ্ৰ ৰায়ে৷ মুকলি সভাত এ বি এমছুৰ সভাপতি সাহাকামাল খন্দকাৰে বিভিন্নতাৰ মাজত ঐক্য, সম্প্ৰীতি, সমন্বয়, গৰিয়া-মৰীয়া জাতীয় দেশী পৰিষদৰ সম্পাদক আজিজুল ৰহমান, পুৰ্বোত্তৰ মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি ৰিতেষ কাথেৰ আদিয়ে জাতি-জনগোষ্ঠীৰ সমন্বয়, কৃষ্টি-সংস্কৃতিৰ ওপৰত বহুমুলীয়া ভাষণ দিয়ে৷

মুকলি সভাত আছাৰ সভাপতি ষ্টিফেন লাক্ৰা, বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ ক্ষেত্ৰীয় সভাপতি গোপাল ঘোষ, বিটিচিৰ সভাপতি মণ্টু দেৰ উপৰি আমছু, এবছু আদি সংগঠনৰ নেতৃবৃন্দৰ উপৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিক ফুলাম গামোছা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়৷ আদিতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা যৌথভাৱে উদ্বোধন কৰে অভিনেত্ৰী অমৃতা গগৈ আৰু ই এম দনেশ্বৰ গয়াৰীয়ে৷

Related Articles

Leave a Reply

Close