অসমশীৰ্ষ

ৰমাকান্ত দেউৰীক মন্ত্ৰীত্ব নিদিয়াক লৈ উত্তাল প্ৰতিবাদ; কহুৱাটি-দলংঘাটত জ্বলিল অমিত শ্বাহ,সৰ্বানন্দৰ পুত্তলিকা ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সমৰ্থকৰ

 

প্ৰথম খৱৰ,জাজৰি:

বহু প্ৰত্যাশাৰ পাছতো সোণোৱাল মন্ত্ৰীসভাত স্থান লাভৰ পৰা বঞ্চিত হৈ ৰোৱা তিৱা জনগোষ্ঠী য় নেতা তথা মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক মন্ত্ৰীত্ব প্ৰদান নকৰাক লৈ আজি তিৱা ছাত্ৰ সন্থা, জাতীয় ঐক্য মঞ্চ, কোচ ৰাজবংশী ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও দল-সংগঠনে পুৱা পাঁচ বজাৰপৰা আহ্বান কৰা ১২ ঘন্টীয়া অসম বন্ধৰ পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা স্তব্ধ হৈ পৰিছে মধ্য অসমৰ জনজীৱন ।

বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা মৰিগাঁও জিলাৰ সীমামূৰীয়া কহুৱাটি, দলংঘাট আদি স্থানত বিধায়ক ৰমাকান্ত দেউৰীক মন্ত্ৰীত্বৰ লাভৰ পৰা বিমুখ কৰাক লৈ তেওঁৰ শতাধিক সমৰ্থকে ৰাজপথ অৱৰোধ কৰাৰ লগতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

ক্ষুব্ধ প্ৰতিবাদ কাৰীসকলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি কয়, বিগত বিধানসভা নিৰ্বাচনত সকলো জাতি-জনগোষ্ঠীকে সম অধিকাৰ, সম মৰ্যাদা, সম বিকাশৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিছিল আৰু তেনে পৰিপেক্ষিতত সেই সময়ৰ তিৱা স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীক বিধানসভাত উপযুক্ত মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই বিজেপি, অগপ, তিৱা জাতীয় ঐক্য মঞ্চৰে মিত্ৰতা কৰি দেউৰীক বিজেপিৰ টিকট দিছিল।

এই দুয়োজন নেতাই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে তিৱা জনগোষ্ঠীকো চূড়ান্ত প্ৰতাৰণা আৰু অপমান কৰিলে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ জনগোষ্ঠীয় ৰাইজে দিব বুলি প্ৰতিবাদকাৰী সকলে লগতে সকীয়াই দিয়ে। ইপিনে, প্ৰতিবাদস্থলী অধিক উত্তপ্ত হৈ পৰাত মিকিৰভেটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Articles

Leave a Reply

Close