অসমগুৱাহাটীশীৰ্ষ

অখিল গগৈৰ নেতৃত্বত কাজিৰঙাত প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কঁহৰাত

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: কাজিৰঙাক এডপ্ত কৰিবলৈ কাজিৰঙালৈ যদি কোনোবা কোম্পানী আহে দৌৰাই দৌৰাই খেদা হ’ব। এডপ্ত এ হেৰিটেজ আঁচনিৰ অধীনত কাজিৰঙাকে আদি কৰি ৰংঘৰ, কাৰেংঘৰ আদি কৃতি চিহ্ন সমূহ কোম্পানীক অৰ্পন কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কাজিৰঙাৰ কঁহৰাত কৃষক মুক্তিৰ প্ৰতিবাদী কাৰ্যসূচীত এই মন্তব্য কৃষক নেতা অখিল গগৈৰ।

উল্লখ্য যে, অসমৰ ঐতিহ্য মণ্ডিত কৃতি চিহ্ন কোম্পানীক গতোৱাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে অখিল গগৈৰ নেতৃত্বত পাঁচ শতাধিক সদস্যই কাজিৰঙাত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বেদান্ত লস্কৰে অংশ লয়৷ প্ৰায় দুঘণ্টা ধৰি চলা প্ৰতিবাদী কাৰ্যসূচীৰ পাছত বোকাখাত মহকুমা প্ৰশাসনৰ যোগেদি কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷

Related Articles

Leave a Reply

Close