অসম

আজি বিশ্ব ৰেডক্ৰছ দিৱস পালন মংগলদৈ ৰেডক্ৰছ শাখাৰ

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ: আজি মংগলদৈত বিশ্ব ৰেডক্ৰছ দিৱস পালন। আজি ভাৰতীয় ৰেডক্ৰছ ছ’চাইটি মংগলদৈ ৰেডক্ৰছ শাখাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব ৰেডক্ৰছ দিৱস পালন কৰে। হেনৰী ডুনান্টৰ জন্ম দিনটো বিশ্ব ৰেডক্ৰছ দিৱস হিচাপে সমগ্ৰ বিশ্বই পালন কৰিছে আজি। মংগলদৈত আজি ৰাতিপুৱা ৰেডক্ৰছৰ পতাকা উত্তোলন কৰে মংগলদৈ ৰেডক্ৰছ শাখাৰ অধ্যক্ষ চন্দ্র চক্ৰৱৰ্তীয়ে ইয়াৰ পিছতে দৰং জিলা উপায়ুক্ত ৰ বাসভৱনত গৈ উপায়ুক্ত অশোক কুমাৰ বৰ্মন দেৱক ৰেডক্ৰছৰ বেজ পৰিধান কৰে। তাৰ পিছত মংগলদৈ এম এম একাডেমীত মংগলদৈ ৰেডক্ৰছ শাখাৰ অধ্যক্ষ চন্দ্ৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত এখন স্বাস্থ্য সম্পৰ্কীয় সভা অনুষ্ঠিত হয় উক্ত সভাত হেনৰী ডুনান্টৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে দৰং জিলাৰ উপ আৰক্ষী অধিক্ষক অমৃত কুমাৰ হোজাইয়ে আৰু সভাত বিশেষ ভাৱে উপস্থিত থাকে ডাঃ ৰমা বৰা,ডাঃ কমলেশ্বৰ নাথৰ লগতে কেইবাগৰাকীও ব্যক্তি। সভাখনিৰ আঁত ধৰে মংগলদৈ ৰেডক্ৰছৰ সম্পাদক মতি মেধিয়ে আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে মংগলদৈ ৰেডক্ৰছৰ কোষাধ্যক্ষ জয়ন্ত শৰ্মাই আৰু আজিৰ এই অনুষ্ঠানত শতাধিক লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close