অসমবৰপেটা

আৰ্থিক দৈন্যতা শিক্ষাৰ ক্ষেত্রত কেতিয়াও বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে তাকেই প্ৰমান কৰিলে সৰভোগৰ ছাত্ৰ মানস নাথে

 

প্ৰথম খৱৰ,সৰভোগ: হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ মানস নাথে ৯০ঃ৩৩ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে নিজৰ গাওঁ খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰ্থিক দৈন্যতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে তাকেই প্ৰমান কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটা জিলাৰ সৰভোগৰ মাদুলীঝাৰ টেঙাগাওঁৰ নিবাসী নাৰায়ন নাথ আৰু ৰূপহী নাথৰ সু-সন্তান মানস নাথে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লৰাজনে গোটেই কেইটা বিষয়ত লেটাৰ পাবলৈ সক্ষম হয়। ছাত্ৰ জনেে অসমীয়াত ৯২, ইংৰাজীত ৮৪, সাধাৰণ গনিতত ৮৫, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯২, আৰু ভূগোলত ৯০ নম্বৰ লাভ কৰে।
লৰাজন ঘৰৰ অৱস্থা একেবাৰে বেয়া, পঢ়িবলৈ টেবুল-চেয়াৰ নাই। লৰা জনে বিচনাত কিতাপ পঢ়িছিল। এজাক বৰষুন পৰিলে ফুটা টিনপাতেৰে ঘৰত পানী পৰে। প্ৰথম খৱৰৰ প্ৰতিবেদকক জানিবলৈ দিয়ে যে তেওঁ  ভৱিষ্যতে ডাঙৰ হৈ সমাজৰ ভালৰ হকে কাম কৰি যাব। লগতে তেওঁৰ সফলতাৰ আঁৰৰ ব্যক্তিসকল হৈছে নিজৰ মাতৃ, তেওঁ অধ্যয়ন কৰা বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক বৃন্দৰ লগতে বৃহত্তৰ বৰনগৰ অঞ্চলৰ ৰাইজ বুলিও কয়।

Related Articles

Leave a Reply

Close