অসম

উচ্চতম মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কাৰ্বি আংলঙৰ নাম উজ্বলালে অমৰ ছিং থাপা আৰু অংকিতা চেত্ৰীয়ে

খেৰণিৰ পৰা কনক দেউৰী, প্ৰথম খবৰ: সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ বিনোদ থাপা আৰু ইন্দ্ৰ কুমাৰীৰ পুত্ৰ অমৰছিং থাপাই ৰাজ্য ভিত্তিত প্ৰথম স্থান লাভ কৰাৰ লগতে হাৱাইপুৰ অঞ্চলৰ কৃষ্ণ ছেত্ৰী আৰু অম্বিকা চেত্ৰীৰ একমাত্ৰ কইনা অংকিতা চেত্ৰীয়ে কলা শাখাত ৰাজ্য ভিত্তিত অষ্টম স্থানত লাভ কৰি এই দুয়ো গৰাকী মেধাবী ছাত্ৰই পাহাৰীয়া জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে। এতিয়া এই দুই মেধাবী ছাত্ৰৰ দুগৰাকীৰ ঘৰত উৎসৱ মুখৰ হৈ পৰিছে।
এই দৃশ্য কলা শাখাত ৰাজ্য ভিত্তিত অষ্টম স্থান লাভ কৰা অংকিতা ঘৰৰ পৰিবেশ। উল্লেখ যে,  সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত নগাঁওস্থিত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা 95.6 শতাংশ লাভ কৰি ৰাজ্য ভিত্তিত অষ্টম স্থান লাভ কৰিছে অংকিতা ছেত্ৰীয়ে। পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ কৃষ্ণ ছেত্ৰী আৰু অম্বিকা ছেত্ৰী কন্যা অংকিতা চেত্ৰীয়ে ৰামানুজনৰ লগতে সমগ্ৰ কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close