অসম
এন আৰ চি সন্দৰ্ভত জিলাৰ উপায়ুক্তক সাক্ষাৎ ছাত্র সন্থা-কৰ্মচাৰী পৰিষদৰ

প্ৰথম খবৰ,নলবাৰী: সদৌ নলবাৰী জিলা ছাত্র সন্থা আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ এটা যৌথ প্ৰতিনিধি দলে আজি জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসৰ লগত এন আৰ চি উন্নীতকৰণ সন্দৰ্ভত আলোচনাত মিলিত হয়। জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সম্পাদক অক্ষয় ডেকা,জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তপন শৰ্মা আৰু সম্পাদক হেমেন চৌধুৰীৰ নেতৃত্বত যোৱা দলটোৱে উপায়ুক্তক অবৈধ বাংলাদেশীৰ নামমুক্ত শুদ্ধ নাগৰিকপঞ্জী উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। লগতে এন আৰ চিৰ কামত জড়িত বিষয়া কৰ্মচাৰীসকলক জাতীয় দায়িত্ব পালনেৰে কাম কৰি যাবলৈ আহ্বান জনায়।