অসম

কলাই গাঁৱত আছুৰ প্ৰতিবাদী গন বিক্ষোভ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাৱীত ৰাজপথ কপালে হাজাৰ হাজাৰ ৰাইজে

প্ৰথম খবৰ কলাইগাৱ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ দাবীত সমগ্র অসম প্ৰতিবাদ মূখৰ হৈ থকা সময়তে আজি ওডালগুৰি জিলাৰ কলাইগাঁৱতো কলাইগাঁৱ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত হাজাৰ হাজাৰ প্ৰতিবাদী জনতাই আকাশ বতাহ মুখৰিত কৰি তোলে।কলাইগাঁৱ আছুৰ সাধাৰণ সম্পাদক দুলাল ডেকা সভাপতি মৃন্ময় হাজৰিকাৰ নেতৃত্বত কলাইগাৱ ৰাজহুৱা বাছ আষ্ঠান প্ৰাঙ্গনৰ পৰা কটুৰ চক ভাটিখানা হৈ আৰম্ভ হোৱা বিক্ষোভ কায্যসূচীত প্ৰায় দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। এবচু, আৰছু, আত্ৰুাছু, ভোজপুৰী কলাইগাৱ নাগৰিক সমাজ, কলাই গাঁও লেখিকা সমাৰোহ আদি সংগঠনেও আছুৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।আজিৰ প্ৰতিবাদী জনতাই অসমত কোনো কাৰনে হিন্দু বাংলাদেশীক স্থান দিয়া নহব বুলি হংকাৰ দিয়াৰ লগতে ধৰ্মৰ নামত দেশ তথা জাতি বিভাজনৰ বিৰুদ্ধাচৰন কোনো কাৰণতে সহ্য কৰা নহয় বুলি ষ্পষ্ট কৰি দিয়ে।

Related Articles

Leave a Reply

Close