অসমবৰপেটা

কৃষক নেতা বিদূৰ ৰয়ৰ মৃত্যুত চেঙাত শোকৰ ছাঁ দল-সংগঠনৰ শোক প্ৰকাশ

 

প্ৰথম খবৰ , চেঙা,১২মে’:
বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি তথা চেঙা আঞ্চলিক কৃষক মুক্তিৰ প্ৰতিষ্ঠাপক উপ সভাপতি বিদূৰ ৰয়ৰ(৪৫) আজি আকস্মিক বিয়োগ ঘটে৷দুগৰাকী মেধাৱী সন্তানৰ পিতৃ বিদূৰ ৰয়ে আজি প্ৰাতঃভ্ৰমনৰ সময়ত বুকুত বিষ অনুভৱ কৰাত চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পাছত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয় যদিও তাৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে যদিও ষ্ট্ৰোক হোৱাৰ ফলত আদবাটতে মৃত্যু ঘটে ৰয়ৰ৷চেঙা অঞ্চলৰ সৰ্ব বৃহৎ অনুষ্ঠান চেঙা ঐক্য সন্মিলনৰ একেৰাহে দহ বছৰ কাৰ্যনিৰ্বাহকৰ লগতে বিভিন্ন দায়িত্বত থকা বিদূৰ ৰয় শালদিয়া পাৰা পঞ্চায়তৰ সম্পাদকৰ পদো অলংকৃত কৰাৰ লগতে বৰ্তমানো শংকৰদেৱ ভৰিধুৱা ঘাটৰ কলা-কৃষ্টি বিভাগৰ সম্পাদক পদত অধিষ্ঠিত আছিল৷লোক গীতৰ ক্ষেত্ৰখনত বিশেষ দখল থকা বিদূৰ ৰয়ৰ এই আকস্মিক বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে৷আজি সন্ধিয়া প্ৰয়াত বিদূৰ ৰয়ৰ নশ্বৰ দেহ চেঙা ঐক্য সন্মিলন আৰু চেঙা কৃষক মুক্তিৰ কাৰ্যালয়লৈ আনি মৃতকৰ বিদেহী আত্মাৰ সদগতি কামনাৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়৷উল্লেখ্য যে কৃষক সংগঠনটোত আত্মিকভাবে অংশগ্ৰহণ কৰি চেঙা অঞ্চলৰ বিভিন্ন সমস্যাৰাজি সমাধানৰ বাবে সক্ৰিয় ভূমিকা পালন কৰা বিদূৰ ৰয়ক সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোল টাইমাৰ হিচাবে নিয়োগ কৰিছিল৷বিদূৰ ৰয়ৰ মৃত্যুত চেঙা আঞ্চলিক ছাত্ৰ সন্থা, চেঙা আঞ্চলিক কৃষক মুক্তি,চেঙা ঐক্য সন্মিলনৰ লগতে বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে৷

Related Articles

Leave a Reply

Close