অসমশীৰ্ষ

খোৱাং নাহৰণিত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত বহুৱা নাচ উৎসৱ-২০১৮

খোৱাঙৰ পৰা সঞ্জীৱ কোঁৱৰ প্ৰথম খবৰ :

আজি খোৱাং নাহৰণিত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত বহুৱা নাচ উৎসৱ ২০১৮ উদযাপন কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে মন্ত্ৰী সভাৰ কেইবাজনো মন্ত্ৰী আৰু বিধায়ক উপস্থিত থাকে। মূখ্যমন্ত্ৰী গৰাকীয়ে বহুৱা নাচৰ ওপৰত বক্তব্য প্ৰদান লগতে চৰকাৰী বহু কেইখন অভিলাখী আচঁনিৰ বিষয়ে ৰাইজক অবগত কৰে। তাৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে নাহৰণিত বহুৱা সাংস্কৃতিক ঐতিহাসিক সমন্বয় ক্ষেত্ৰ নিমাৰ্ণৰ বাবে এক কোটি টকা ঘোষণা কৰে। উক্ত সভাত বহুৱা নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে।

Related Articles

Leave a Reply

Close