অসম

চুলি কাটি পৰিয়াল পোহ পাল দিয়া দিপৰ পুত্ৰই চাৰি বিষয়ত লেটাৰ লাভ কৰি গৌৰৱ আনিলে মিলনপুৰলৈ

 

তেজপুৰৰপৰা ,অপুৰ্ব বৰা প্ৰথম খবৰ: গাঁওখনৰ এগৰাকী ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ এই খবৰে গাঁও খনলৈ আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ পূৰ্বেই অনুমান কৰা মতেই ভাল ফলাফল লাভ কৰিলে ছাত্ৰজনে৷ সকলোৱে আশা কৰিছিল তেওঁ ভাল ফলাফল কৰিব বুলি৷ সেই মতে ফলাফল লাভ কৰিছে ছাত্ৰজনে৷

শোনিতপুৰ জিলাৰ তেজপুৰ মিলনপুৰ কমাৰি চুবুৰিৰ পাৰ্থপ্ৰতিম বৰা নামৰ মেধাবী ছাত্ৰজনৰ কথাকে কৈছো৷ পিতৃ-মাতৃ, ওচৰ চুবুৰীয়া, শিক্ষক, বন্ধুসকলে আশা কৰা মতেই পাৰ্থই সদ্যঘোষিত উচ্চতৰ শিক্ষান্ত পৰীক্ষাত বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ ষ্টাৰ মাৰ্ক সহ চাৰিতা বিষয়ত লেটাৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ পাৰ্থই অসমীয়াত , মনোবিজ্ঞান , অথনীতি বিজ্ঞান , ৰাজনীতি বিজ্ঞানত লেটাৰ নম্বৰৰ সৈতে মুঠ ৩৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

কিন্তু ৰিতীন্দ্ৰৰ কথা চৰ্চা কিয় কৰিব লগা হ’ল৷ পাৰ্থৰ পিতৃ-মাতৃ দুয়োগৰাকী অশিক্ষিত লোক। দ্ৰৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ পাৰ্থৰ দেউতাকে ঘৰতে এখন চেলুন খুলি জীৱিকা নিৰ্বাহ কৰি আহছে। কোনোধৰণৰ পঢ়াৰ সুযোগ সুবিধা দিব নোৱাৰে পিতৃমাতৃয়ে পাৰ্থক।

৭৯°৯ শতাংশ নম্বৰৰে উত্তীৰ্ণ হোৱাৰ পিছতো তেওঁলোকে আনন্দ কৰিব লাগিছিল ফলাফল লাভ কৰাৰ পিছত চুলো টুকি পাৰ কৰিছিল পাৰ্থৰ পিতৃ-মাতৃয়ে৷ পিতৃ-মাতৃয়ে অতি কষ্ট কৰি যি উপাৰ্জন কৰে সেয়া একেবাৰে শোচনীয়। পাৰ্থৰ ঘৰৰ ভেটি মাটিকণৰ বাহিৰে খেতি-মাটিও এডৰা নাই। সেয়ে অভাৱ-অনাটনৰ মাজেৰেই পাৰ্থই পঢ়া-শুনা কৰি এই ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।

এইক্ষেত্ৰত বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলেও যথেষ্ট সহায় কৰিছে মেধাৱী ছাত্ৰজনক। দৰিদ্ৰতাক নেওচি উন্নত ফলাফলৰে অঞ্চলটোত উজলি উঠা পাৰ্থই দৰং কলেজত নামভৰ্তি কৰাৰ ইচ্ছা আছে যদিও পাৰ্থক পঢ়ুৱাবলৈ পিতৃ-মাতৃৰ নাই টকা।

নিজ পুত্ৰক পঢ়ুৱাবৰ বাবে সমস্যাৰ চাকনৈয়াত পৰিবলগীয়া হৈছে। পিতৃ-মাতৃৰ বাবে ইয়াতকৈ আৰু দুখৰ বিষয় হয়টো একোৱেই হ’ব নোৱাৰে। মেধাবী ছাত্ৰজনে ভৱিষ্যতে আগুৱাই যোৱাৰ ক্ষেত্ৰত চৰকাৰ তথা দল-সংগঠনক সহায় কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে। পাৰ্থৰ পিতৃ দিপ কলিতাই সাংবাদিকৰ সন্মুখত চকুলো টুকি দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে বুলি কলে৷

Related Articles

Leave a Reply

Close