অসম

চেঙাত সহস্ৰাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ প্ৰতিবাদী সমদল

প্ৰথম খবৰ,চেঙা:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। সম্প্ৰতি ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোৱে ৰাজ্যখনত তোল-পাৰ লগাই আছে৷ ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনকে ধৰি সৰ্বস্তৰৰ ৰাইজে বিধেয়কখনৰ বিৰোধিতাৰে অহৰহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ সময়তে আজি বৰপেটা জিলাৰ চেঙাত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দলটোৰ চেঙা আৰু গোমাফুলবাৰী মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি দিনৰ এঘাৰ বজাত বৃহৎ প্ৰতিবাদী সমদল কৰি কাৰ্যসূচী ৰূপায়নেৰে বিধেয়কখনৰ বিৰোধিতাৰে চেঙা ৰাজহ চক্ৰ বিষয়াৰ ওচৰত এখন স্মাৰক-পত্ৰ প্ৰদান কৰা হয়৷ দলটোৰ সহস্ৰাধিক নেতা-কৰ্মী-সমৰ্থকে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি হুঁচিয়াৰ,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,হিন্দু বাংলাদেশী গো বেক,কংগ্ৰেছ জিন্দাবাদ,ধ্বনিৰে চেঙা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয় প্ৰাংগণৰ পৰা সমদল কৰি চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসক স্মাৰক-পত্ৰ প্ৰদান কৰে৷স্মাৰক-পত্ৰৰ জৰিয়তে দলটোৱে বিধেয়কখনে অসমৰ যথেষ্ট ক্ষতি কৰিব বুলি উল্লেখ কৰি ইয়াক বাতিল কৰিবলৈ দাবী উত্থাপন কৰে৷প্ৰতিবাদী কাৰ্যসূচীত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা,বৰপেটাৰ কংগ্ৰেছ নেতা আব্দুৰ ৰহিম আহমেদ,কংগ্ৰেছ নেত্ৰী পদ্মাৱতী দাস,চেঙা ব্লক কংগ্ৰেছৰ সভাপতি লাল মাহমুদ আহমেদ,কংগ্ৰেছ নেতা কুলেন্দ্ৰ ডেকা,গৌতম পাঠক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close