অসম

চৰাইদেউলৈ মুখ্যমন্ত্ৰীৰ আগমন

নিউজ ডেস্ক, প্ৰথম খবৰ: মাইবেলা তাপ বিদ্যুৎ প্ৰকল্পৰ নতুন প্ৰকল্প উদ্বোধন কৰিবলৈ চৰাইদেউলৈ আহিব মুখ্যমন্ত্ৰীসৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীৰ আগমনৰ পুৰ্বে টাইপা নেতাক আটক কৰে আৰক্ষীয়ে। টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক নবদ্বীপ বৰুৱা, সাংগঠনিক সম্পাদক দেবাশীষ বৰুৱাক আটক কৰে আৰক্ষীয়ে। জানিব পৰামতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আটাইকেইজন সদস্যই প্ৰতিবাদ কৰিব ওলাইছিল তাৰেই পৰিপেক্ষিতত আটাইকেইজনকে আটক কৰে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close