অসমগুৱাহাটীশীৰ্ষ

জেটিআইক অৰ্পন কৰিলে অসমৰ ঐতিহ্য ক্ষেত্ৰ, কাজিৰঙাত প্ৰতিবাদী কাৰ্যসূচী

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: কাজিৰঙাৰ লগতে অসমৰ ৰংঘৰ, কাৰেং ঘৰ আদি ঐতিহ্য ক্ষেত্ৰ সমূহ জেটিআই’ক অৰ্পন কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কাজিৰঙাত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী৷

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে কাজিৰঙাত প্ৰধান মন্ত্ৰীৰ লগতে পৰ্যটন মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে যুৱ ছাত্ৰ পৰিষদে৷ যুৱছাত্ৰৰ বোকাখাত জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি চৰকাৰক সকিয়াই দিয়ে যে, চৰকাৰে অতি শীঘ্ৰে চৰকাৰৰ এই সিদ্ধান্ত বাতিল নকৰিলে যুৱছাত্ৰ পৰিষদে ইয়াতকৈও তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Close