অসম

টিংখাঙত অস্ত্ৰসহ দুজন যুৱকক গ্ৰেপ্তাৰ

মাহমৰাৰপৰা দীপক গগৈ,প্ৰথম খবৰ:টিংখাঙত অস্ত্ৰসহ দুজন যুৱকক আটক কৰা হৈছে। শুকুৰবাৰে টিংখাঙৰ ৯ নং জাঠ ৰেজিমেন্টৰ এটা দলে গোপন সুত্ৰৰ পম খেদি পিঠাগুটি নগাবাট অঞ্চলৰপৰা যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱক দুজন হৈছে নাহৰকটীয়া,বালিজানৰ জিতেন সাহা (৩১) আৰু সোণাৰিৰ জুনাইট আহমেদ(২৮)। ধৃত যুৱক কেইজনৰ পৰা এটা পইন্ট ২২ পিষ্টল,চিম কাৰ্ডসহ তিনিটা মোবাইল হেণ্ডছেট,পৰিচয় পত্ৰ সহ তেওঁলোকে ব্যৱহাৰ কৰা AS-04Q-4817 Mahindra KUV বাহন জব্দ কৰা হৈছে।

ইতিমধ্যে সামৰিক বাহিনীয়ে যুৱক দুজনক আৰক্ষীৰ হাতত গতাই দিছে।

Related Articles

Leave a Reply

Close