অসমশীৰ্ষ

টিংখাঙৰ ৰাজগড়ত আছুৰ প্ৰতিবাদী জোঁৰ সমদল

 

মাহমৰাৰ পৰা দীপক গগৈ, প্ৰথম খবৰ :

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰি শনিবাৰে নিশা টিংখাঙৰ ৰাজগড়ত  আঞ্চলিক ছাত্র সন্থাই  এক বিশাল প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা এই প্ৰতিবাদী সমদলে ‘ খেদি খেদি নৰেন্দ্ৰ মোডীক খেদি দে ‘ , ‘ জাতীয় নায়ক হায় হায় ‘ , ‘  বিজেপি চৰকাৰ হুচিয়াৰ ‘ আদি প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। আছুৰ লগতে স্হানীয় সহস্ৰাধিক পুৰুষ-মহিলা তথা বৌদ্ধিক মহলে অংশগ্ৰহণ কৰা জোৰ সমদল কাৰ্যসূচীত বৰতাল বজাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ নীৰৱ ভূমিকাক কঠোৰ সমালোচনা কৰে। জাতিৰ এনে জটিল সন্ধিক্ষণত মুখ্যমন্ত্ৰী গৰাকীৰ ভিয়েটনাম ভ্ৰমণ কাৰ্যসূচীকো গৰিহণা প্ৰদান কৰে সংগঠনটোৱে।

Related Articles

Leave a Reply

Close