শীৰ্ষৰাষ্ট্ৰীয়

ডেটিং এপ, লাভ-এফেয়াৰ আৰু মাৰ্ডাৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: শেহতীয়াভাৱে জনপ্ৰিয় হৈ উঠা ডেটিং এপৰ বাবেই সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। ঘটনাৰ স্থান জয়পুৰ। যুৱ প্ৰজন্মৰ মাজত চৰ্চিত ডেটিং এপ টিণ্ডাৰত দুষ্মন্ত শৰ্মা নামৰ এজন যুৱকে বিৱান কোহলী নামেৰে ভুৱা আইডি খুলিছিল। আৰু এই ভুৱা আইডিৰে ২৭ বছৰীয়া এগৰাকী যুৱতীৰ সৈতে বন্ধুত্ব গঢ়ি তোলে। যুৱতীগৰাকীৰ সন্মুখত নিজকে কোটিপতি বুলি পৰিচয় দিছিল দুষ্মন্ত ওৰফে বিৱানে।

ঘনিষ্ঠ হৈ পৰা কোটিপতিৰূপী বিৱানক পণবন্দী কৰি ধন সৰকোৱাৰ চেষ্টা চলালে যুৱতীগৰাকীয়ে। আৰু তেওঁক অপহৰণ কৰি ১০ লাখ টকাৰ মুক্তিপণ দাবী কৰে বিৱানৰ পৰিয়ালক। যুৱতীগৰাকীৰ এই সমগ্ৰ কাণ্ডত সংগ দিছিল যুৱতীগৰাকীৰ প্ৰেমিক আৰু এগৰাকী বন্ধুৱে।

মুক্তিপণ দাবী কৰাৰ পাছতহে যুৱতী আৰু তেওঁৰ দুই বন্ধুৱে জানিব পাৰিলে যে ১০ লাখ টকা মুক্তিপণ আদায় দিব পৰাকৈ ধনী নহয় বিৱান। এনে অৱস্থাত তিনিও মিলি নৃশংসভাৱে হত্যা কৰে বিৱান ওৰফে দুষ্মন্তক।

সম্প্ৰতি আৰক্ষীয়ে তিনিওগৰাকী অভিযুক্ততক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে এই ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে। ডেটিং এপবোৰ কিমান বিশ্বাসযোগ্য তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

Related Articles

Leave a Reply

Close