অসম

দুধনৈত গ্ৰামীণ ডাক সেৱকৰ অনিৰ্দিষ্ট কালীন ডাক ধৰ্মঘটৰ ফলত অচল ডাকঘৰৰ কামকাজ

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী প্ৰথম খবৰ: সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ প্ৰতিবেদন অতি সোনকালে বলবৎ কৰাৰ দাবীত আজি দুধনৈ মুখ্য ডাকঘৰ চৌহদত গ্ৰামীণ ডাকঘৰ সেৱক সকলে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি ডাকঘৰত তলা ওলোমাই কামকাজ অচল কৰি দিয়ে।উল্লেখ যে, যোৱা ২৪/ ১১/১৬ তাৰিখেই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কমলেশ চন্দ্ৰৰ সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ পিচতো আজিলৈ কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ যোৱা ২২ মে’ৰ পৰাই চলাই অহা অনিৰ্দিষ্ট কালীন ধৰ্মঘটৰ অংশ স্বৰূপে আজি দুধনৈৰ মূখ্য ডাকঘৰ চৌহদত অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Related Articles

Leave a Reply

Close