অসম
নলবাৰীত ডেংগুত আক্ৰান্ত কিশোৰ,স্বাস্থ্য বিভাগৰ অভিলাসী আঁচনিৰ সুযোগ পোৱা নাই

প্ৰথম খবৰ,নলবাৰী:নলবাৰী এজন কিশোৰ ডেংগুত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। নলবাৰী ঘগ্ৰাপাৰৰ দলুৱা গাঁৱৰ মন্টু বৈশ্যৰ ১০ বছৰীয়া পুত্ৰ উদ্দীপ্ত বৈশ্য কিছু দিনৰপৰা নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত ডেংগুৰ বীজাণু ধৰা পৰে৷ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি থকাৰ পিছতো ৰাইজে সুফল লাভৰ পৰা বঞ্চিত হৈছে ৷