অসম

নলবাৰীত যুৱ-ছাত্ৰ পৰিষদৰ ৮ ঘণ্টীয়া অনশন,নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিভ্ৰান্তিমূলক বক্তব্য নাৰাখিবলৈ সকিয়নি

প্ৰথম খবৰ,নলবাৰী: আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত জিলা কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয়। চৰকাৰীভাৱে অসম চুক্তি ৰূপায়ণ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত যুটীয়া সংসদীয় সমিতিৰ অসম ভ্ৰমণ আৰু মতামত গ্ৰহণ প্ৰক্ৰিয়া গভীৰ ষড়যন্ত্ৰমূলক। অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ হকে মাত মতা উগ্ৰ জাতীয়তাবাদী কাৰ্য্য হব নোৱাৰে। অসমৰপৰা অবৈধ নাগৰিকক বহিষ্কাৰ কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব। এই দায়িত্ব পালন কৰি জাতীয় নায়ক নেতৃত্বাধীন চৰকাৰখনে সংবিধান প্ৰদত্ত দায়িত্ব পালন কৰক। এই সময়ত কোনেও বিভ্ৰান্তিকৰ মন্তব্য প্ৰকাশ কৰি অনাহক উত্তেজনাৰ সৃষ্টি নকৰিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰিলো। বিদেশীক ধৰ্মৰ নামত বিভাজন কৰাৰ পৰিবৰ্তে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা সকলো অবৈধ নাগৰিকক বহিষ্কাৰ কৰক-কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰীৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বিপক্ষে থকা সংশ্লিষ্ট সকলো পক্ষকে ভগৱানে সুমতি দিয়াৰ কামনাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰী,সভাপতি মৃনাল কুমাৰ বৰ্মন,সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা,উপ-সভাপতি নগেন শালৈ,সাংগঠনিক সম্পাদক মনোৰাম কলিতা আৰু বিত্ত সম্পাদক যোগেশ কলিতাই অনশন কৰি অসমত বসবাস কৰা সমূহ খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমত অতিশীঘ্ৰেই আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনায়।

Related Articles

Leave a Reply

Close