অসম
নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত মৰাণত গণ স্বাক্ষৰ অভিযান

মৰাণৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ: নাগৰিকত্ব বিধেয়ক ২০১৬ তৎকালে বাতিলৰ দাবীত মৰাণত অসম গণ পৰিষদৰ গণ স্বাক্ষৰ অভিযান। অগপৰ মৰাণ বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত এই গণ স্বাক্ষৰ অভিযান আনুষ্ঠানিক হিচাপে স্বাক্ষৰ কৰি শুভাৰম্ভ কৰে অগপৰ কেন্দ্ৰীয় সম্পাদক তথা নাহৰকটীয়া বিধানসভা সমষ্টি বিধায়ক নৰেন সোণোৱালে।