অসমশীৰ্ষ

নাগৰিক সংশোধনী আইনৰ বিৰুদ্ধে দুলীয়াজানত ১২ সংগঠনৰ প্ৰতিবাদ অব‍্যাহত, তিনিঘন্টীয়া অনশন কাৰ্যসূচী

 

প্ৰথম খবৰ দুলীয়াজান , ৮ মে’:

প্ৰতিকূল বতৰকো নেওচি নাগৰিকত্বত সংশোধনী বিধেয়কৰ বিৰুদ্ধে দুলীয়াজানত আজি পুৱাৰে পৰা ১২ টাকৈ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অব‍্যাহত আছে । চহৰখনৰ পুৰণি বাছ আস্থানত আজি পুৱা ১০ বজাৰ পৰা ৩ ঘন্টীয়া অনশন কাৰ্যসূচীৰে জাতি ধবংসী বিধেয়কখনৰ বাতিলৰ দাবী জনাই ১২ টাকৈ সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে বিধেয়কখনৰ সন্দৰ্ভত বৰাক ভেলীত দুদিন শুনানি গ্ৰহনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিবাদী সংগঠনসমূহে ।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, টাই আহোম মহিলা পৰিষদ , টাই আহোম যুৱ পৰিষদ ,
মানৱ অধিকাৰ সংগ্ৰাম সমিতি, চাহ জনজাতি ছাত্ৰ সন্থা, চুতীয়া যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি ১২ টা সংগঠনে উজনি, নামনি আৰু মধ্য অসমত এই শুনানী গ্ৰহনৰ দাবী জনাই । অন‍্যথাই অনাগত দিনত অধিক জংগী আন্দোলনৰ হুংকাৰ দিছে ।

Related Articles

Leave a Reply

Close