অসম
নাগৰিক সংশোধনী বিধেয়ক আইনৰ বিৰুদ্ধে প্ৰব্ৰজন বিৰোধী মঞ্চৰ উদ্যোগত খুমটাইৰ পৰা প্ৰধানমন্ত্ৰীলৈ চাৰি হাজাৰ পত্ৰ প্ৰেৰণ

প্ৰথম খবৰ ,খুমটাই : নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য প্ৰতিবাদ মুখৰ হৈ থকাৰ সময়তে আজি প্ৰব্ৰজন বিৰোধী মঞ্চই অসমৰ চল্লিশ খন ঠাইৰ পৰা একেলগে গণ স্বাক্ষৰ অভিযান অনুষ্ঠিত কৰি স্থানীয় চৰকাৰী বিষয়াৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাইজৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ কৰা হব বুলি আজি এক প্ৰেছ বিবৃতি যোগে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা অধিবক্তা উপমুন্য হাজৰিকাই জানিবলৈ দিছে। সেই উদ্দেশ্যে আজি প্ৰব্ৰজন বিৰোধী মঞ্চৰ উদ্যোগত বীৰ লাচিত সেনাৰ সহযোগত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত যোগেদি গোলাঘাট জিলাৰ খুমটাইৰ পৰাও চাৰিহাজাৰো অধিক ৰাইজৰ স্বাক্ষ সম্বলিত পত্ৰ প্ৰেৰণ কৰে।