অসম
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ভাষ্কৰ্য আৰু শিল্পৰ দিন পালন

প্ৰথম খবৰ, লখিমপুৰ:
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি আধুনিক লখিমপুৰৰ নিৰ্মাতা, স্থপতি, ভাষ্কৰ্য শিল্পী, বোলছবি অভিনেতা, নাট্যকাৰ, পৰিচালক, অনুবাদ সাহিত্যিক, সাংবাদিক, সমাজকৰ্মী নন্দকিশোৰ মহেশ্বৰীৰ জন্ম তিথি উপলক্ষে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে প্ৰতি বছৰে পালন কৰি অহা ভাষ্কৰ্য আৰু শিল্পৰ দিন অনুষ্ঠানটো আজিও দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ।
ভাষ্কৰ্য আৰু শিল্পৰ দিনৰ কাৰ্যসূচী অনুযায়ী পুৱা প্ৰয়াত নন্দকিশোৰ মহেশ্বৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে তেখেতৰ সহধৰ্মীনি পুষ্পা দেৱী মহেশ্বৰীয়ে । দুপৰীয়া ক্লাবৰ ভৰপ্ৰাপ্ত সভাপতি শৈলেন বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত ভাষ্কৰ্য আৰু শিল্পৰ দিনৰ মূল অনুষ্ঠানটিৰ আঁত ধৰে সম্পাদক কুমুদ বৰুৱাই । অনুষ্ঠানটিত প্ৰবীণ অভিনেতা ভুৱন দত্ত, প্ৰবীণ নাট্যকৰ্মী, পৰিচালক সূৰ্য কুমাৰ ভূঞা, অৱসৰপ্রাপ্ত অধ্যক্ষ অভিনেতা পৰিচালক পৰেশ বৰা, অৱসৰপ্রাপ্ত প্ৰধান শিক্ষক নাট্যকৰ্মী নাজিম আহমেদ, অৱসৰপ্রাপ্ত শিক্ষয়িত্ৰী মিনা বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে ভাষ্কৰ্য আৰু শিল্পৰ দিনৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত আয়োজন কৰা পট্ৰেইট প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক নগদ ধনেৰে পুৰস্কৃত কৰা হয় ।