
নেচনেল ডেস্ক,প্ৰথম খবৰ:অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ পৰা মাত্ৰ ৩০০ কি. মি. নিলগৰ পাশীঘাটত প্ৰথম বাৰৰ বাবে বাণিজ্যিক বিমান অৱতৰণ কৰিছে। স্বাধীনতাৰ পিছত বাণিজ্যিক বিমান অৱতৰণ কৰা নাছিল অৰুণাচলত। ই নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে ঐতিহাসিক দিন।
এয়াৰ ইণ্ডিয়াৰ সহযোগী কোম্পানী এলাইন্স এয়াৰৰ বিমানখনত প্ৰথম যাত্ৰী আছিল অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। গুৱাহাটীৰ পৰা অৰুণাচললৈ মুঠ ৬৫০ কি. মি. যাত্ৰা কৰিবলৈ টিকটৰ মূল্য হ’ব ৩০০০ টকা।