অসম

বন্যপ্ৰাণী সংৰক্ষণত মাজুলী মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ বিৰল প্ৰজাতিৰ সৰীসৃপ উদ্ধাৰ

মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড, প্ৰথম খবৰ :

নিত্য-নৈমিত্তিক বৃক্ষ ৰোপণ তথা প্ৰতিপালন,বিভিন্ন দুষ্প্ৰাপ্য উদ্ভিদ-অৰ্কিড সংৰক্ষণেৰে প্ৰকৃতি সুৰক্ষাত নীৰৱ ভূমিকা পালন কৰি অহা মাজুলীৰ প্ৰাচীনতম উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ চৌহদটো হৈ পৰিছে বিভিন্ন পৰিভ্ৰমী তথা স্থানীয় চৰাই-চিৰিকতিৰ অন্যতম বাসস্থান। বিভিন্ন প্ৰকাৰৰ বিলুপ্তপ্ৰায় উদ্ভিদৰ প্ৰাপ্তিস্থান হৈ পৰা মহাবিদ্যালয় খনিয়ে বন্যপ্ৰাণী সুৰক্ষাৰ দিশত বিভিন্ন সময়ত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। মধ্য মাজুলী অঞ্চলৰ বোকাবিল গাৱঁৰ অনন্ত পায়েং আৰু দেৱজিৎ পায়েংৰ মাছ ধৰা সঁজুলিত আজি পুৱাতে প্ৰায় চাৰে পাঁচফুট দৈৰ্ঘ্যৰ এডাল প্ৰকাণ্ড শঁকচুৰ সাপ আৱদ্ধ হৈ পৰাৰ কথা জানিব পাৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ দেৱজিৎ শইকীয়াই তৎকালীন ভাৱে দুষ্প্ৰাপ্য সৰীসৃপটো নিধন কৰাৰ পৰা উদ্ধাৰ কৰি কোনো ধৰণৰ আঘাত নোপোৱাকৈ মহাবিদ্যালয়লৈ অনাৰ ব্যৱস্থা কৰে। পাছত মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সৌজন্যত অধ্যাপক ড’ অনুপ কুমাৰ দলে, সুৰেন দাস,হৰেন শইকীয়া,কৰ্মচাৰীদ্বয় দীনকান্ত হাজৰিকা আৰু প্ৰণৱ হাজৰিকাৰ সহযোগত দৰিয়া ডুবিৰ পাৰৰ জংঘলত মোকলাই দিয়াৰ ব্যৱস্থা কৰে। মাজুলীৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানৰ প্ৰকৃতি সংৰক্ষণ তথা বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দায়বদ্ধতাক স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীয়ে ভূয়সী শলাগ লয়।

Related Articles

Leave a Reply

Close