অসম

মুক্তিযুদ্ধা মহেন্দ্ৰ বৰকটকীৰ আৱক্ষ মূৰ্তি উন্মোচন

 

প্ৰথম খবৰ চতিয়া,৩ মে:

স্বাধীনতা সংগ্ৰামী মুক্তি যোদ্ধা , বিশিষ্ট শিক্ষাবিদ , চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ বৰকটকীৰ দুটি আৱক্ষ মূৰ্তি তেওঁৰ কৰ্মক্ষেত্ৰ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ আৰু অধ্যক্ষ গৰাকীৰ নিজা বাসগৃহত উন্মোচন কৰা হয়। মুক্তিযোদ্ধা গৰাকীৰ পৰিয়াল বৰ্গই দান কৰা প্ৰথমটো আৱক্ষ মূৰ্তি উন্মোচন কৰে সহধৰ্মিণী কিৰণময়ী বৰকটকীয়ে। শিক্ষক, বিশিষ্ট সমাজ কৰ্মী মৃণাল গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানটিত চতিয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক ৰাইজ আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠব বৃদ্ধি কৰে। আনটো আৱক্ষ মূৰ্তি বৰকটকীৰ কৰ্মক্ষেত্ৰ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উন্মোচন কৰে ঘোঁৰামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গোলাপ বৰাই। এই উপলক্ষে অনুষ্ঠিত হোৱা উন্মোচনী সভাত সভাপতিত্ব কৰে বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ আজিজুৰ ৰহমানে। মৃণাল গোস্বামীয়ে উন্মোচনী সভাত আদৰণি ভাষণ প্ৰদান কৰি কয়- বৰকটকীদেবে কলকাতা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাত ৪ টা বিষয়ত লেটাৰ সহ অসমীয়া ছাত্রৰ ভিতৰত ষষ্ঠ স্থানলৈ উত্তীৰ্ণ হৈছিল। বিজ্ঞান বিষয়ত কটন মহাবিদ্যালয়ৰ পৰা ১৯৪১ চনত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লোৱাৰ পাছতে সেই বছৰেই চতিয়া হাইস্কুলত বিজ্ঞান বিষয়ৰ সহকাৰী শিক্ষক হিচাবে যোগদান কৰে। ১৯৪২-ৰ ভাৰত ত্যাগ আন্দোলনত বৰকটকীয়ে কাৰাবাহ খাটিছিল। কাৰাবাস ৰ অন্তত পুণৰ চতিয়া হাইস্কুলত যোগদান কৰে।
প্ৰধান শিক্ষক হিচাবে ৩৫ বছৰে বিদ্যালয় খনত ব্ৰতীহৈ শিক্ষাদান কৰাৰ লগতে বহু মানৱ সম্পদ গঢ় দিয়াত অৰিহণা যোগাইছিল। জিলা খনৰ ভিতৰতে উচ্চ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলা প্ৰয়াত বৰকটকীয়ে সময়জ্ঞান, সুপ্ৰশাসক, কৰ্তব্য নিষ্ঠা, নিয়মানুবৰ্তিতাৰ কথা প্ৰতিজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শ্ৰদ্ধা সহকাৰে সভাত সোঁৱৰণ কৰে। সভাত প্ৰাক্তন ছাত্ৰ তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন ওজা, বোধশ্বৰ শইকীয়া, দিলীপ ভূঞা, বিশিষ্ট অভিনেতা জ্যোতি ভূঞা, প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাকে ধৰি কেইবাগৰাকী প্ৰাক্তন ছাত্ৰই প্ৰয়াত মহেন্দ্ৰ বৰকটকীদেৱ কৰ্মৰাজিৰ সোঁৱৰণ কৰে। পৰিয়ালবৰ্গৰ হৈ চিকিৎসক জীয়ৰী ভাৰতী বৰকটকীয়ে কয় পিতৃৰ আৱক্ষ মূৰ্তি বিদ্যালয় খনত স্থাপন কৰিবলৈ পাই পৰিয়ালবৰ্গ অত্যন্ত সুখী।

Related Articles

Leave a Reply

Close