অসমশীৰ্ষ

মেট্ৰিকত উত্তীৰ্ণৰ হাৰ বৃদ্ধি, এইবাৰ ছাত্ৰীতকৈ আগত ছাত্ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ পূৰ্বতকৈ বৃদ্ধি পালে উত্তীৰ্ণৰ হাৰ। ২০১৭ বৰ্ষত মুঠ ৩,৭২,৬৪০জন ছাত্ৰ-ছাত্ৰী মেট্ৰিকত অৱতীৰ্ণ হৈছিল আৰু মুঠ ১,৭৮,৬৫৬জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল। তাৰ পৰিৱৰ্তে এই বৰ্ষত সৰ্বমুঠ ৩,৩৭,৫৭০ জন অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১,৮৯,১৯১জন ছাত্ৰ-ছাত্ৰীয়েই উত্তীৰ্ণ হয়। ২০১৭ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ ৪৭.৯৪ শতাংশৰ পৰিৱৰ্তে এইবাৰ ৫৬.০৪ শতাংশলৈ  বৃদ্ধি পাইছে। ৮.১ শতাংশ উত্তীৰ্ণ হাৰ বৃদ্ধি পৰিলক্ষিত হৈছে। ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ বেছি দেখা গৈছে। ২০১৮ চনত ১,৬৪,৪৯২ গৰাকী অৱতীৰ্ণ ছাত্ৰৰ ভিতৰত ৯৭,০৫৬ গৰাকী ছাত্ৰ উত্তীৰ্ণ হয়। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৯ শতাংশ। ইয়াৰ বিপৰীতে ১,৭৩,০৭৮ গৰাকী অৱতীৰ্ণ ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হয় ৫৩.২৩ শতাংশ, অৰ্থাৎ ৯২,১৩৫গৰাকী।

Related Articles

Leave a Reply

Close