অসম

যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ হুংকাৰ আছুৰ গণ বিক্ষোভত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কঁপালে চেঙা-বহৰি 

 

প্ৰথম খবৰ, চেঙা: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৰে বৰপেটা জিলাৰ চেঙাতো অব্যাহত আছে প্ৰতিবাদৰ জোঁৱাৰ৷ বিধেয়কখন বাতিলৰ লগতে অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ আৰু বহিস্কাৰ, খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান, উন্মুক্ত ভাৰত-বাংলাদেশ সীমান্ত অতি শীঘ্ৰে ছীল কৰা, ভাৰত- বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদন কৰাকে ধৰি বিভিন্ন দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থা, চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি চেঙাত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জাতীয় জীৱনৰ পৰিপন্থী এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সহস্ৰাধিক প্ৰতিবাদীকাৰীয়ে আজি চেঙাৰ আকাশ বতাহ কঁপাই তোলে। পুৱা ১১ বজাত অঞ্চলটোৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী¸ দল-সংগঠনৰ প্ৰতিনিধি তথা সৰ্বসাধাৰণ ৰাইজ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত সমবেত হয়। পাছত প্ৰতিবাদকাৰীসকলে ইয়াৰ পৰা সমদল কৰি গৈ চেঙা ডাকঘৰ সন্মুখেৰে চেঙা শংকৰদেৱ শিশু নিকেতন হৈ শ্বহীদ ভৱনৰ আগেৰে গৈ চেঙা-গুৱাহাটী আৰু চেঙা- বহৰি পথত প্ৰায় আধা ঘন্টা সময় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীকাৰী সকলে – “নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক ,অসম চুক্তি ৰূপায়ণ কৰক¸ কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ হায় হায়,অবৈধ বাংলাদেশী হুঁচিয়াৰ আদি বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদীস্থলীত বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপেন তালুকদাৰে কয় যে- ” বিদেশীৰ কোনো ধৰ্ম নাই। অসমীয়া জাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিল ২০১৬ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দি এই বিধেয়কখন বাতিল কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জাতীয় নায়কৰ দায়িত্ব পালন কৰক। গণ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৰপেটা জিলা গৰিয়া- মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ময়ূৰ আলীয়ে কোনো কাৰণতে এই বিধেয়কখন মানি লোৱা নহ’ব বুলি কৈ অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ আৰু বহিস্কাৰ কৰিবলৈ দাবী জনায়। বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা চিন্ময় ডেকা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি খনীন পাঠক, গৰিয়া- মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলাৰ সম্পাদক চলমান হুছেইন, গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চাহানুৰ আলী, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সভাপতি ৰূপম দাস, চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি- সম্পাদক ৰূপম পাঠক আৰু প্ৰণৱ কুমাৰ ৰয়ে নেতৃত্ব দিয়া আজিৰ এই কৰ্যসূচীত চেঙা আঞ্চলিক কৃষক মুক্তি¸ চেঙা শাখা সাহিত্য সভা, চেঙা উদীয়মান যুৱ সংঘ, এন এম ছোচাইটি চেঙা, গৰিয়া -মৰিয়া যুৱ ছাত্ৰ পৰিষদ, চেঙা অগপ আঞ্চলিক সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে যোগদান কৰে। ইফালে বহৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই বিক্ষোভ কাৰ্যসূচীত বহৰি অঞ্চলৰ ৰাইজৰ লগতে মহিলা সমিতি স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু বহৰি অঞ্চলৰ কিছু সংখ্যক বাঙালী সম্প্ৰদায়ৰ লোকেও অংশগ্ৰহণ কৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

Leave a Reply

Close