অসম

শুক্লাইত বিপিএফৰ ষষ্ঠ বাৰ্ষিক অভিৱৰ্তন সাংস্কৃতিক অনুষ্ঠানত ভাগ ল’ব বলিউদৰ কণ্ঠশিল্পী চানে 

প্ৰথম খবৰ,শুক্লাই:সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হৈছে বিটিএডিৰ শুক্লাই ছেৰফাং। ৰাজনৈতিক দল বিপিএফৰ ষষ্ঠ বাৰ্ষিক অভিৱৰ্তন খন শনিবাৰে শুক্লাই ছেৰফাং সমষ্টিৰ অন্তৰ্গত শুক্লাই কেন্দ্ৰীয় খেলপথাৰত কেইবা লাখ টকাৰে অনুষ্ঠিত হ’ব৷মাজত মাত্ৰ কেইমুহূৰ্তমান বাকী ৷

ইতিমধ্যে উদুলি-মুদুলী হৈ পৰিছে শুক্লাই ছেৰফাং ৷ বিটিএডিকে ধৰি ১৮খন জিলাৰ জনসাধাৰণে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানৰ বাবে সাজু হৈ উঠিছে কুৰিটা জনগোষ্ঠীয় নৃত্য৷কেইবাটাও বৃহৎ বৃহৎ মঞ্চ,তোৰণ সাজি উলিয়াইছে৷ বাটৰুৱাইও ৰহ লাগি ছাই গৈছে আটকধুনীয়াকৈ সাজি উলিওয়া মঞ্চ,তোৰণ ৷

কেইবাখনো পতাকা উত্তোলনৰে অনুষ্ঠিত
হ’ৱলগীয়া অভিৱৰ্তনত বিটিচিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰী,ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি বিপিএফৰ সকলো নেতা উপস্থিত থাকিব৷ বিটিচিৰ ই এম গনেশ কছাৰীৰ নেতৃত্বত অনুষ্ঠিত হ’ব লগীয়া অধিৱেশনৰ নিশা সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিবেশন কৰিব বলিউদৰ কণ্ঠশিল্পী চানে।

মাজত মাত্ৰ কেইঘণ্টামান পিছতে সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হব বিটিএডিৰ শুক্লাই ছেৰফাং ৷কি অসমীয়া,কি বড়ো,গোৰ্খা,বঙালী,
আদিবাসী,ৰাভা,কছাৰী,
চাওতাল,মুছলমান,খ্ৰীষ্টিয়ান গাড়ো আদি সকলোৰে মিলন হব শুক্লাইত।

Related Articles

Leave a Reply

Close