অসম

সমিতি গঠন

 

প্ৰথম খবৰ,মৰাণঃ অসমীয়া যুৱমঞ্চৰ মৰাণ আঞ্চলিক সমিতিৰ সাধাৰণ সভাখন আজি মৰাণৰ পূৰ্ণিমা হোটেল সভাকক্ষত সম্পন্ন হৈ যায়। সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নৱজ্যোতি দাসৰ পৌৰোহিত্য অনুষ্ঠিত সভাখনত জিলা সচিব প্ৰধান উত্তম বুঢ়াগোহাঁ‌ই আৰু সাংগঠনিক সম্পাদক বলিৰাম যাদৱে বক্তব্য দাঙি ধৰি সংগঠনটোৰ লক্ষ্য, উদ্দেশ্য আৰু ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। উক্ত সভাতেই অবিনাশ চেতিয়াক সভাপতি আৰু প্ৰণৱ ফুকনক সচিব প্ৰধান হিচাপে লৈ মুঠ ৩১ জনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতি এখন গঠন কৰে।

Related Articles

Leave a Reply

Close