অসমশীৰ্ষ

হামৰেণ আৰক্ষীৰ অভিযান ৫ খনকৈ চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ

বৈঠালাংছৰ পৰা, ৰেকিবুৰ ৰহমান :- বিগত কিছু দিন ধৰি মেঘালয়ৰ বিভিন্ন অঞ্চলৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ দুৰ্গম পাহাৰীয়া বিকল্প পথেৰে আৰক্ষীৰ চকুত ধুলি দি পাৰ হৈ যাব পৰাৰ সুযোগ গ্ৰহন কৰি কেইবাখনো চোৰাং কয়লাৰ ট্ৰাক জিলাখনৰ মাজেৰে পাৰ হৈ যোৱাৰ তথ্য লাভ কৰি এনে অসাধু চোৰাং ব্যবসায়ী চক্ৰ বিৰুদ্ধ জিলাখনৰ আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক অভিযান।হামৰেণ আৰক্ষীৰ এই অভিযানত কালি নিশা লৈকে হামৰেণৰ পাৰ্শ্ববৰ্তি বিভিন্ন অঞ্চলৰ পৰা ৫ খনকৈ কয়লা ভৰ্তি ১২ চকীয়া ট্ৰাক।ইতিপুৰ্বে মেঘালয়ৰ চিমেন অঞ্চলৰ পৰা হামৰেণ হৈ বেলতলা(গুৱাহাটী)লৈ গৈ থকা তিনিখনকৈ ট্ৰাক জব্দ কৰাৰ পিছত কালি নিশাও আৰক্ষীয়ে চলোৱা এনে অভিযানৰ আগতীয়া তথ্য লাভ কৰি হামেৰণৰ আম্বিনং বস্তিত দুখনকৈ কয়লা ভৰ্তি ট্ৰাক এৰি পলায়ন কৰে চালক-হেন্ডমেনে।দুয়োখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰে।উল্লখ্য যে হামৰেণ আৰক্ষীৰ তথ্যৰ ভিক্তিত এনে কিছু কয়লা ট্ৰাক জাগীৰোড,ৰহা আৰক্ষীয়ে জব্দ কৰিছিল।

Related Articles

Leave a Reply

Close