অসমশীৰ্ষ

হীৰেন গোহাঁইৰ দৰে বাওঁপন্থী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীতা কৰাৰ অধিকাৰ নাই  নলবাৰীত বিজেপিৰ কাৰ্যনিৰ্বাহকত ডঃ হিমন্ত বিশ্ব শৰ্মা 

প্ৰথম খবৰ,নলবাৰী: নলবাৰীত আজিৰে পৰা বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক আৰম্ভ হয়।আজি প্ৰথম খন বৈঠকত ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,নেডাৰ আহ্বায়ক তথা প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিজেপিৰ আটাইকেইগৰাকী মন্ত্ৰী, বিধায়ক , ৰাজ্যিক বিষয়ববীয়া, সদস্য উপস্থিত থাকে।অনুষ্ঠান খনিৰ আতঁ ধৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।পিছত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে – নাগৰিকত্ব সংশোধনী বিধেয়ক খন যুক্তিৰ আধাৰত অগপ , আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিৰোধীতা কৰিছে তাক কব লগা নাই।বিধেয়ক খনৰ ওপৰত জে পি চিয়ে যি সিদ্ধান্ত লয় তাক মানি লোৱা হব।হীৰেন গোঁহাইৰ নেতৃত্বত এটা অশুভ শক্তি তথা বাওঁপন্থী নাম ধাৰি একাংশই যি হুলুস্থুল লগাইছে সেয়া অসমৰ ৰাইজেও মানি লব নালাগে আৰু বিজেপিও মানি নলয়। গোঁহাই অসমত মাদানীৰ এজেণ্ডা প্ৰচাৰত লাগিছে। বাওঁপন্থী এই অংশটোই মাথো হিন্দু বাংলাদেশীৰ কথা কয় যদিও মুছলীম বাংলাদেশীৰ কথা নকয়।এয়া হল হীৰেন গোঁহাই নেতৃত্বত চলা একাংশৰ ধৰ্মনিৰপেক্ষতা।মাদানীৰ দৰে এগৰাকী তথাকথিত নেতাই বাংলাদেশী মূলৰ ব্যক্তি সকলৰ পক্ষতে থাকে।সেয়া অসমত কোনো কালে হব দিব নোৱাৰি।কিন্তু সেইজন মাদানীকে হীৰেন গোঁহাইৰ দৰে তথাকথিত ব্যক্তিয়ে সমৰ্থন কৰি তেওঁৰ এজেণ্ডা প্ৰচাৰ কৰাত লাগিছে।গতিকে হীৰেন গোঁহাই নেতৃত্বত যি আৰম্ভ হৈছে এয়া অসমৰ বাবে ভয়াবহ দিনৰ সংকেত।শেষত সাংবাদিকে ডঃ শৰ্মাক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে হীৰেন গোঁহাই মোক জ্ঞানী বুলি কৈছে।কিন্তু মই নিজেতো অজ্ঞানী বুলি নাভাবো। ডঃ হীৰেণ গোঁহাই যি আৰম্ভ কৰিছে সেয়া কিন্তু সমস্যা সমাধানৰ নহয় বঢ়াৰ হে।অসমত এতিয়া বিভিন্ন দিশত বিকাশ আৰম্ভ হৈছে যদিও হীৰেন গোঁহাইৰ দৰে এচামে তাকলৈ চটফটাই আছে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক ইছু কৰি এয়া আৰম্ভ কৰিছে বুলি দোহাৰে ।

Related Articles

Leave a Reply

Close