শীৰ্ষৰাষ্ট্ৰীয়

ৰে’লত উঠা-নমাৰ সময়ত দুৰ্ঘটনা, ৰে’ল বিভাগে দিব লাগিব ক্ষতিপূৰণ

নেচনেল ডেস্ক, প্ৰথম খবৰ: ৰে’লত উঠা বা নমাৰ সময়ত সংঘটিত হোৱা যিকোনো দুৰ্ঘটনাৰ বাবে ক্ষতিপূৰণ দিব লাগিব ৰে’ল বিভাগে। এই নিৰ্দেশ প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। মহামান্য উচ্চতম ন্যায়ালৰ মতে, ৰে’লত উঠাৰ সময়ত নাইবা ৰে’লৰ পৰা নমাৰ সময়ত কোনো লোক আহত বা নিহত হ’লে সেয়া ক্ষতিপূৰণ পোৱাৰ যোগ্য। এনে অৱস্থাত সেই দুৰ্ঘটনাক ব্যক্তিজনৰ অসতৰ্কতা বুলি ধৰা নহয়। আনহাতে ৰে’ল বিভাগৰ পৰিসৰৰ ভিতৰত আহত অথবা নিহত ব্যক্তি উদ্ধাৰ হ’লে তেওঁ প্ৰকৃততে ৰে’লযাত্ৰী আছিল নে নাছিল সেই সম্পৰ্কেও কোনো ধৰণৰ অনুসন্ধান কৰা নহয়।

ইফালে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে, ব্যক্তিজনৰ হাতত টিকট নাথাকিলেই তেওঁক ক্ষতিপূৰণ দিবলৈ অস্বীকাৰ কৰিব নোৱাৰিব ৰে’ল বিভাগে।

Related Articles

Leave a Reply

Close